ই-পেপাৰ আৰু বার্তাবহনকাৰী লেখা
বিদেশত থাকি ইন্টাৰনেট সেৱাৰ জৰিয়তে ই-পেপাৰ পঢ়িবলৈ পোৱাটো সঁচাই অতি সৌভাগ্যৰ কথা । এই কথা স্বীকার্য যে স্ব-ভূমিৰ পৰা আঁতৰত থাকি তাৰ সৈতে যোগসূত্র ৰাখিবলৈ বাতৰি কাকতসমূ্হেই হ'ল এক অনন্য মাধ্যম । হেপাহৰ আপোন ভাষাটোত দৈনিক চকু ফুৰাবলৈ নোপোৱাটো মোৰ বোধেৰে এক দূর্ভাগ্যজনক কথা ।
কিন্তু অসমত থাকিও আর্থিক স্বচ্চলতা থকাৰ পিছতো এনে কিছুমান ব্যক্তিক দেখিছো যিসকলে মাত্র কেইটামান ধন খৰচ হ'ব বুলিয়েই বাতৰি কাকত এখন কিনি নপঢ়ে ,তাৰ বিপৰীতে আনে কিনি লোৱা বাতৰি কাকত পঢ়িবলৈ টনা-আজোৰা কৰে । কিন্তু সেইসকলে বাতৰি কাকত এখন কিনিবলৈ ব্যয় কৰা মানে পৰোক্ষভাৱে নিজৰ ভাষা-সাহিত্যৰ প্রতি যে এক বৰঙণিহে সেই কথাষাৰকে আনুধাৱন কৰিব নোৱৰাটো অতি দুখৰ বিষয় । অসমীয়া ভাষাৰ সংকটৰ কথা কৈ আমি দুখ প্রকাশ কৰোঁ । কিন্তু সংকট দূৰ কৰিবলৈ নিজাববীয়াকৈ আমি সামন্যতম কি প্রচেষ্টা লৈছো সেইটোহে আচলতে ডাঙৰ কথা ।
হতাশাজনক কথা এই যে আমাৰ অসমত ইন্টাৰনেট সেৱা ব্যয়বহুল হোৱাৰ উপৰিও দূর্বল বুলিও প্রায় শুনা যায় । যাৰ ফলস্বৰোপে অসমবাসীৰ বাবে ইন্টাৰনেটৰ সুবিধা লাভ কৰিব পৰাটো কষ্টকৰ । বিদেশত কিন্তু দ্রুতবেগত উপলব্ধ ইন্টাৰনেট সেৱাৰ বহুল প্রয়োগ দেখিবলৈ পোৱা যায় যাৰ ব্যৱহাৰে ইয়াৰ দৈনন্দিন জীৱনশৈলী সহজ কৰি তুলিছে । আটাইতকৈ ভাল লগা কথাটো হ'ল দ্রুতবেগী ইন্টাৰনেট সেৱাৰ সুবিধা থকাৰ বাবে অনলাইন যোগে উপলব্ধ সকলোবিলাক বাতৰিকাকততে দৈনিক চকু ফুৰাবলৈ পাওঁ । কেতিয়াবা এখন কাকতত প্ৰকাশ হৈ যোৱা একোটা লেখাকে অন্য এখন কাকততো প্ৰকাশ হোৱা দেখিবলৈ পাওঁ । কিছুদিনপূৰ্বে অসমৰ এখন জনপ্ৰিয় কাকতে অনুৰোধ জনাইছিল যে আন কাকতত প্ৰকাশ হৈ যোৱা লেখা যেন তেওঁলোকৰ কাকতলৈ নপঠাই । এইখিনিতে মন কৰিবলগীয়া কথা হ'ল যে বিভিন্ন লেখকৰ বিভিন্নটা লেখাত কেতিয়াবা কিছুমান সমাজলৈ বাৰ্তা বহনকাৰী বিষয়বস্তু সন্নিবিষ্টহৈ থাকে । ইন্টাৰনেট সেৱাৰ কথাটো বাদেই দিছোঁ ,অসমত সকলোবিলাক বাতৰিকাকত সকলো অঞ্চলতে সমানে প্রচলন নহয় । সেইদৰে সমাজত বাস কৰা সকলো মানুহৰে সকলোবিলাক বাতৰি কাকত কিনি আনি পঢ়াৰ সামৰ্থও নেথাকে । তাতে আকৌ বাতৰি কাকতসমূহৰ ছপা মূল্যও আগতকৈ বাঢ়িল ।গতিকে আন কাকতত প্রকাশ পোৱা বুলি সকলোবিলাক লেখা প্ৰকাশ নকৰিলেও অন্ততঃ সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা বহনকাৰী লেখাক বাতৰি কাকতসমূহে প্ৰকাশ কৰিব লাগে । সুস্থ জনমত গঠনত বাতৰি কাকতসমূহৰ যথেষ্ট অৰিহনা আছে । সেয়ে,লেখা এটিৰ মানদণ্ড চোৱাৰ উপৰিও লেখাত সন্নিবিষ্ট বিষয়বস্তুটো কিমান সময়োপযোগী বা সমাজৰ বাবে বার্তাবহনকাৰী হৈছে তাক অগ্রাধিকাৰ দিয়াটোহে অধিক গুৰুত্বপূর্ণ ।****
No comments:
Post a Comment