Thursday, August 30, 2018

৩/৬১৮ তাৰিখে 'আমাৰ অসম' কাকতত প্রকাশিত ..

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমস্যামেদবহুলতা

দূৰদর্শনৰ বিজ্ঞাপনত কেএফচি' "গুডবুলি দিয়া সেই বিশেষ ল''টোৰে সৈতে ধোঁৱাই থকা গৰম গৰম চিকেনৰ লেগপিচ কেইটাই মোৰ দৰে হয়তো আন বহুজনৰে জিভাৰ পানী সৰা । এই কেএফচি,মেকডি,বাফেলউইংগচপিজা হাট ,ডমিন'আদিৰ দৰে চেইন ফাষ্ট ফুড ৰেষ্টুৰাবোৰ আমেৰিকা যুক্তৰাষ্ট্রত চৌপাশে অতি সুলভ ৰূপত দেখিবলৈ পোৱা যায় ।মেকডি অৰ্থাৎ মেকডনাল্ডৰ পিছতে বিশ্বৰ দ্বিতীয় বৃহত্তম চেইন ৰেষ্টুৰাই হ'কেএফচি.(কেন্টাকি ফ্ৰাইড চিকেন)।বিভিন্ন প্ৰকাৰৰ বাৰ্গাৰ ,বেছিকৈ ভজা মুৰ্গীৰ মাংসৰ টুকুৰা,নাগেট ,ফ্রেন্স ফ্রাই,পিজা বিভিন্ন প্ৰকাৰৰ শীতল পানীয় ,শ্বেক আদি খাদ্যসম্ভাৰ এইবোৰত উপলব্ধ ।

মুখৰোচক খাদ্য হ'লেও মেকডিকেএফচি ,এমএফচিপিজা হাট আদিকে ধৰি আমাৰ চৌপাশে থকা ফাষ্ট ফুডৰ খাদ্যবোৰ পিছে স্বাস্থ্যসন্মত খাদ্য নহয় ।এই সকলোবিলাক চেইন ফাষ্টফুড ৰেষ্টুৰাৰ কেন্দ্ৰস্থল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ ,তথাপি সমগ্র বিশ্বতে এই ব্যৱসায় বিয়পি আছে । ভাৰতবৰ্ষও এইক্ষেত্রত পিছ পৰি ৰোৱা নাই । অসমতো গুৱাহাটী মহানগৰকে ধৰি শিৱসাগৰডিব্ৰুগড়যোৰহাট আদি বিভিন্ন জিলালৈও এনেবোৰ ৰেষ্টুৰাৰ ব্যৱসায় আহি পৰিছে ।এনেবোৰ খাদ্যক জাংক ফুড বোলা হয় আৰু এইবোৰ অধিক মাত্ৰাত খোৱাৰ ফলত শৰীৰৰ অপকাৰ হয় । এনে খাদ্যত শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকাৰক উপাদানসমূহ অতি কম পৰিমাণে থাকে ।এনে খাদ্যৰ আসক্তিয়ে শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি কৰি তোলে ।শৰীৰত অধিক মাত্ৰাত ওজন বৃদ্ধি হোৱাটো এবিধ ৰোগ ইংৰাজীত যাক অ'বেচিটি আৰু অসমীয়াত মেদবহুলতা বোলা হয়।শৰীৰৰ ওজন বৃদ্ধিৰ ফলতে মানুহে আকোঁৱালী ল'ব লগা হৈছে মধুমেহ অথবা হৃদৰোগৰ দৰে শাৰীৰিক সমস্যা।

আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান শিশুৰ পৰা প্ৰাপ্তবয়স্কজনলৈকে আক্ৰান্ত হোৱা মেদবহুলতাই ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে ।অৰ্গেনাইজেচন ফৰ ইক''মিক ক'-অপাৰেচন এণ্ড ডেভলপমেন্টৰ শেহতীয়া তথ্য অনুসৰি আমেৰিকা হৈছে বিশ্বৰ সবাতোকৈ মেদবহুল দেশ ।যিসকল ব্যক্তিৰ বিএম আই অর্থাৎ বডী মাচ ইনডেক্স১৮.-২৪.৯ সেইসকল সুস্থ ওজন সম্পন্ন আনহাতে -২৯.৯ ৰ ভিতৰত সেইসকল 'ভাৰ ৱেট বাঅধিক ওজনযুক্ত আৰু বি এম আই ৩০ ৰ উর্দ্ধৰ হ'লে সেইসকল মেদবহুল(obese) 

সদ্য প্রকাশিত এটি বাতৰি মতে আমেৰিকাৰ ২০খন শকত মানুহৰ চহৰ আছে দেশখনৰ দক্ষিণ অংশত । তাৰ পৰিৱর্তে আমেৰিকাৰ পশ্চিম অঞ্চলটো হৈছে দেশখনৰ আটাইতকৈ স্বাস্থ্যৱান অঞ্চল । অর্থাৎ পশ্চিম অঞ্চলৰ লোকসকল স্বাস্থ্যৰ প্রতি সচেতন ।সুষম আহাৰ সেৱনৰ লগতে নিয়মিত ৰূপত যোগ-ব্যায়াম আদিক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে এই অঞ্চলৰ লোকসকলে গণ্য কৰি আহিছে । সমীক্ষা অনুসৰি আমেৰিকাৰ লিটল ৰক আৰু আৰাকানা আছে শকত চহৰৰ তালিকাৰ একেবাৰে শীর্ষত ।আৰাকানাৰ ৰাজধানীয়ে শকত চহৰৰ সন্মান বুটলাৰ বিপৰীতে অৰেগনে স্বাস্থ্যৱান চহৰৰ সন্মান লাভ কৰিছে ।

ল্লেখ্যযে আমেৰিকা যুক্তৰাষ্ট্রৰ তিনিভাগৰ এক অংশ লোক মেদবহুল ৰোগত আক্রান্ত ।আৰু বর্তমানৰ দৰে যদি বর্দ্ধিত হাৰ একে থাকে তেন্তে অতি সোনকালে এই পৰিমাণ হ'বগৈ ৫০।চেন্টাৰ ফৰ ডায়বেটিচ কন্ট্রল এণ্ড প্রিভেচনৰ সমীক্ষা অনুসৰি আজি আমেৰিকান মহিলাৰ গড় ওজন হ'ল কমেও ১৬৮ পাউণ্ড(প্রায় ৭৬.২ কিলো।যিটো ১৯৬০ চনত পুৰুষৰ গড় ওজন আছিল ।

আমেৰিকা যুক্তৰাষ্ট্রত মানুহৰ অত্যাধিক ওজন নাইবা মেদবহুলতাৰ প্রধান কাৰণ হ'ল খাদ্যাভ্যাস আৰু দৈহিক শ্রমহীনতা ।প্রচেচ ফুডৰ ওপৰত অত্যাধিক নির্ভৰশীলতা ,তথা সুষম আহাৰৰ অভাৱ অথবা অত্যাধিক ভোজন বিলাসীতাই দেশখনৰ লোকৰ ওজন বৃদ্ধিত অৰিহনা যোগায় আহিছে ।আমেৰিকাত অধিক বিক্রী হোৱা খাদ্যবিধেই হ'পিজা ।ইয়াৰ লগতে পানীৰ পৰিৱর্তে পেপচি,',স্প্ৰাইট আদি শীতল পানীয়ৰ প্রতি আসক্তি অধিক মাত্রাত দেখা যায় ।।

চেন্টাৰ ফৰ ডায়েবেটিচ কন্ট্রল এণ্ড প্ৰিভেনচনৰ মতে চল্লিশ নাইবা চল্লিশৰ উৰ্দ্ধৰ লোকৰ মাজত মেদবহুলতাৰ সমস্যা অধিক সুলভ ।তথ্য অনুসৰি আমেৰিকাৰ অধিক উপার্জনক্ষম মহিলাৰ তুলনাত কম উপার্জনক্ষম মহিলাসকল অধিক মেদবহুল ।সেইদৰে কলেজ শিক্ষিত মহিলাৰ তুলনাত কলেজলৈ নোযোৱা মহিলাসকলৰ অধিক মেদবহুলৰূপে চিনাক্ত হৈছে ।আনকি অলিম্পিকত আমেৰিকাৰ দূর্বল প্রদর্শনৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে মেদবহুলতা ।আমেৰিকাত পাঁচবছৰ তলৰ শিশুও মেদবহুলতাত আক্রান্ত ।

আমেৰিকাৰ শ্বপিং মল নতুবা বজাৰ গৃহবিলাকত প্রায়ে ভালকৈ খোজ কাঢ়িব নোৱাৰা লোক দৃষ্টিগোচৰ হয়।শৰীৰৰ অত্যাধিক ওজনৰ বাবেই এওঁলোকৰ চলনত যথেষ্ট কষ্ট হয় । যিসকলে একেবাৰে চলাচল কৰিব নোৱৰেসেইসকলে ইয়াত মটৰাইজড স্কুটাৰযুক্ত বিশেষ কার্ট ব্যৱহাৰ কৰি বজাৰ কৰা দেখিবলৈ পোৱা যায় 

নিজৰ শৰীৰৰ ওজনটো বলে নোৱৰাটো কম সাংঘাটিক কথানে বাৰু ?সেয়ে এইবোৰ দৃশ্য দেখি এক অজান আশংকাত মন কঁপি উঠে । মনে-প্রাণে অনুভৱ কৰিছোঁ যে আমি বাহিৰৰ খাদ্যৰ পৰা সদায় দূৰত অৱস্থান কৰিব লাগে আৰু কেৱল সুষম আহাৰ সেৱণ কৰাত গুৰুত্ব দিব লাগে । ইয়ে আমাক ৰোগমুক্ত কৰি ৰখাৰ লগতে সুস্বাস্থ্য গঠনতো সহায় কৰিব ।স্বাস্থ্যই পৰম ধন । এটা ৰোগমুক্ত শৰীৰৰ গৰাকীহৈ থাকিব পাৰিলে তাৰ সমান সুখ আৰু একো নাই ।****


মানসী বৰা।

1 comment: