Thursday, August 30, 2018

৩/৬১৮ তাৰিখে 'আমাৰ অসম' কাকতত প্রকাশিত ..

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমস্যামেদবহুলতা

দূৰদর্শনৰ বিজ্ঞাপনত কেএফচি' "গুডবুলি দিয়া সেই বিশেষ ল''টোৰে সৈতে ধোঁৱাই থকা গৰম গৰম চিকেনৰ লেগপিচ কেইটাই মোৰ দৰে হয়তো আন বহুজনৰে জিভাৰ পানী সৰা । এই কেএফচি,মেকডি,বাফেলউইংগচপিজা হাট ,ডমিন'আদিৰ দৰে চেইন ফাষ্ট ফুড ৰেষ্টুৰাবোৰ আমেৰিকা যুক্তৰাষ্ট্রত চৌপাশে অতি সুলভ ৰূপত দেখিবলৈ পোৱা যায় ।মেকডি অৰ্থাৎ মেকডনাল্ডৰ পিছতে বিশ্বৰ দ্বিতীয় বৃহত্তম চেইন ৰেষ্টুৰাই হ'কেএফচি.(কেন্টাকি ফ্ৰাইড চিকেন)।বিভিন্ন প্ৰকাৰৰ বাৰ্গাৰ ,বেছিকৈ ভজা মুৰ্গীৰ মাংসৰ টুকুৰা,নাগেট ,ফ্রেন্স ফ্রাই,পিজা বিভিন্ন প্ৰকাৰৰ শীতল পানীয় ,শ্বেক আদি খাদ্যসম্ভাৰ এইবোৰত উপলব্ধ ।

মুখৰোচক খাদ্য হ'লেও মেকডিকেএফচি ,এমএফচিপিজা হাট আদিকে ধৰি আমাৰ চৌপাশে থকা ফাষ্ট ফুডৰ খাদ্যবোৰ পিছে স্বাস্থ্যসন্মত খাদ্য নহয় ।এই সকলোবিলাক চেইন ফাষ্টফুড ৰেষ্টুৰাৰ কেন্দ্ৰস্থল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ ,তথাপি সমগ্র বিশ্বতে এই ব্যৱসায় বিয়পি আছে । ভাৰতবৰ্ষও এইক্ষেত্রত পিছ পৰি ৰোৱা নাই । অসমতো গুৱাহাটী মহানগৰকে ধৰি শিৱসাগৰডিব্ৰুগড়যোৰহাট আদি বিভিন্ন জিলালৈও এনেবোৰ ৰেষ্টুৰাৰ ব্যৱসায় আহি পৰিছে ।এনেবোৰ খাদ্যক জাংক ফুড বোলা হয় আৰু এইবোৰ অধিক মাত্ৰাত খোৱাৰ ফলত শৰীৰৰ অপকাৰ হয় । এনে খাদ্যত শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকাৰক উপাদানসমূহ অতি কম পৰিমাণে থাকে ।এনে খাদ্যৰ আসক্তিয়ে শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি কৰি তোলে ।শৰীৰত অধিক মাত্ৰাত ওজন বৃদ্ধি হোৱাটো এবিধ ৰোগ ইংৰাজীত যাক অ'বেচিটি আৰু অসমীয়াত মেদবহুলতা বোলা হয়।শৰীৰৰ ওজন বৃদ্ধিৰ ফলতে মানুহে আকোঁৱালী ল'ব লগা হৈছে মধুমেহ অথবা হৃদৰোগৰ দৰে শাৰীৰিক সমস্যা।

আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান শিশুৰ পৰা প্ৰাপ্তবয়স্কজনলৈকে আক্ৰান্ত হোৱা মেদবহুলতাই ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে ।অৰ্গেনাইজেচন ফৰ ইক''মিক ক'-অপাৰেচন এণ্ড ডেভলপমেন্টৰ শেহতীয়া তথ্য অনুসৰি আমেৰিকা হৈছে বিশ্বৰ সবাতোকৈ মেদবহুল দেশ ।যিসকল ব্যক্তিৰ বিএম আই অর্থাৎ বডী মাচ ইনডেক্স১৮.-২৪.৯ সেইসকল সুস্থ ওজন সম্পন্ন আনহাতে -২৯.৯ ৰ ভিতৰত সেইসকল 'ভাৰ ৱেট বাঅধিক ওজনযুক্ত আৰু বি এম আই ৩০ ৰ উর্দ্ধৰ হ'লে সেইসকল মেদবহুল(obese) 

সদ্য প্রকাশিত এটি বাতৰি মতে আমেৰিকাৰ ২০খন শকত মানুহৰ চহৰ আছে দেশখনৰ দক্ষিণ অংশত । তাৰ পৰিৱর্তে আমেৰিকাৰ পশ্চিম অঞ্চলটো হৈছে দেশখনৰ আটাইতকৈ স্বাস্থ্যৱান অঞ্চল । অর্থাৎ পশ্চিম অঞ্চলৰ লোকসকল স্বাস্থ্যৰ প্রতি সচেতন ।সুষম আহাৰ সেৱনৰ লগতে নিয়মিত ৰূপত যোগ-ব্যায়াম আদিক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে এই অঞ্চলৰ লোকসকলে গণ্য কৰি আহিছে । সমীক্ষা অনুসৰি আমেৰিকাৰ লিটল ৰক আৰু আৰাকানা আছে শকত চহৰৰ তালিকাৰ একেবাৰে শীর্ষত ।আৰাকানাৰ ৰাজধানীয়ে শকত চহৰৰ সন্মান বুটলাৰ বিপৰীতে অৰেগনে স্বাস্থ্যৱান চহৰৰ সন্মান লাভ কৰিছে ।

ল্লেখ্যযে আমেৰিকা যুক্তৰাষ্ট্রৰ তিনিভাগৰ এক অংশ লোক মেদবহুল ৰোগত আক্রান্ত ।আৰু বর্তমানৰ দৰে যদি বর্দ্ধিত হাৰ একে থাকে তেন্তে অতি সোনকালে এই পৰিমাণ হ'বগৈ ৫০।চেন্টাৰ ফৰ ডায়বেটিচ কন্ট্রল এণ্ড প্রিভেচনৰ সমীক্ষা অনুসৰি আজি আমেৰিকান মহিলাৰ গড় ওজন হ'ল কমেও ১৬৮ পাউণ্ড(প্রায় ৭৬.২ কিলো।যিটো ১৯৬০ চনত পুৰুষৰ গড় ওজন আছিল ।

আমেৰিকা যুক্তৰাষ্ট্রত মানুহৰ অত্যাধিক ওজন নাইবা মেদবহুলতাৰ প্রধান কাৰণ হ'ল খাদ্যাভ্যাস আৰু দৈহিক শ্রমহীনতা ।প্রচেচ ফুডৰ ওপৰত অত্যাধিক নির্ভৰশীলতা ,তথা সুষম আহাৰৰ অভাৱ অথবা অত্যাধিক ভোজন বিলাসীতাই দেশখনৰ লোকৰ ওজন বৃদ্ধিত অৰিহনা যোগায় আহিছে ।আমেৰিকাত অধিক বিক্রী হোৱা খাদ্যবিধেই হ'পিজা ।ইয়াৰ লগতে পানীৰ পৰিৱর্তে পেপচি,',স্প্ৰাইট আদি শীতল পানীয়ৰ প্রতি আসক্তি অধিক মাত্রাত দেখা যায় ।।

চেন্টাৰ ফৰ ডায়েবেটিচ কন্ট্রল এণ্ড প্ৰিভেনচনৰ মতে চল্লিশ নাইবা চল্লিশৰ উৰ্দ্ধৰ লোকৰ মাজত মেদবহুলতাৰ সমস্যা অধিক সুলভ ।তথ্য অনুসৰি আমেৰিকাৰ অধিক উপার্জনক্ষম মহিলাৰ তুলনাত কম উপার্জনক্ষম মহিলাসকল অধিক মেদবহুল ।সেইদৰে কলেজ শিক্ষিত মহিলাৰ তুলনাত কলেজলৈ নোযোৱা মহিলাসকলৰ অধিক মেদবহুলৰূপে চিনাক্ত হৈছে ।আনকি অলিম্পিকত আমেৰিকাৰ দূর্বল প্রদর্শনৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে মেদবহুলতা ।আমেৰিকাত পাঁচবছৰ তলৰ শিশুও মেদবহুলতাত আক্রান্ত ।

আমেৰিকাৰ শ্বপিং মল নতুবা বজাৰ গৃহবিলাকত প্রায়ে ভালকৈ খোজ কাঢ়িব নোৱাৰা লোক দৃষ্টিগোচৰ হয়।শৰীৰৰ অত্যাধিক ওজনৰ বাবেই এওঁলোকৰ চলনত যথেষ্ট কষ্ট হয় । যিসকলে একেবাৰে চলাচল কৰিব নোৱৰেসেইসকলে ইয়াত মটৰাইজড স্কুটাৰযুক্ত বিশেষ কার্ট ব্যৱহাৰ কৰি বজাৰ কৰা দেখিবলৈ পোৱা যায় 

নিজৰ শৰীৰৰ ওজনটো বলে নোৱৰাটো কম সাংঘাটিক কথানে বাৰু ?সেয়ে এইবোৰ দৃশ্য দেখি এক অজান আশংকাত মন কঁপি উঠে । মনে-প্রাণে অনুভৱ কৰিছোঁ যে আমি বাহিৰৰ খাদ্যৰ পৰা সদায় দূৰত অৱস্থান কৰিব লাগে আৰু কেৱল সুষম আহাৰ সেৱণ কৰাত গুৰুত্ব দিব লাগে । ইয়ে আমাক ৰোগমুক্ত কৰি ৰখাৰ লগতে সুস্বাস্থ্য গঠনতো সহায় কৰিব ।স্বাস্থ্যই পৰম ধন । এটা ৰোগমুক্ত শৰীৰৰ গৰাকীহৈ থাকিব পাৰিলে তাৰ সমান সুখ আৰু একো নাই ।****


মানসী বৰা।

Thursday, April 26, 2018

২৭/০৪/১৮ দৈনিক জনমভূমি কাকতত প্রকাশিত

কিতাপ পঢ়নৰ প্রত্যাহ্বান

কিছুদিনপূর্বে জনপ্রিয় চ'ছিয়েল মিডিয়া ফে'চবুকৰ যোগেদি এটি পোষ্টত পঢ়িবলৈ পাইছিলো যে কেইজনমান শিশুৱে ৰঙালী বিহুৰ সময়চোৱাতে কিতাপৰ দোকানৰ পৰা যথেষ্ট পৰিমাণে জীৱনীমূলক গ্রন্থ ক্রয় কৰিছিল ।কৌতূহলবশততেওঁলোকৰ সৈতে হোৱা কথোপকথনৰ পৰা জানিব পৰা গ'লযেতেওঁলোকে হুঁচৰি মাৰি পোৱা মাননিৰে দলৰ প্রত্যেকৰ বাবে একোখনকে গ্রন্থ কিনিছে ।অসমৰ উঠি অহা প্রজন্মৰ এনে কার্যই মনটো কিবা এটা ভাল লাগি গ'ল ।নিশ্চিতভাৱে সাম্প্রতিক সময়ত ই সুখবৰ বুলিব লাগিব ।
"মন কি বাত"-শীর্ষক অনুষ্ঠানটিৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়েও বিবাহ অনুষ্ঠানত কিতাপ উপহাৰ হিচাপে দিবলৈ দেশবাসীক এক আহ্বান জনাইছিল ।নিজৰ মহৎ চিন্তাৰে কিতাপক বিশেষ উপহাৰ হিচাপে গণ্য কৰি প্ৰধানমন্ত্রীজনে দেশবাসীলৈ জনোৱা এনে আহ্বান নিশ্চিতভাৱে প্রশংসনীয় ।কেৱল বিবাহ অনুষ্ঠানতে কিয়?জন্মদিনটো আমি আমাৰ প্রিয়জনক একোখন কিতাপ উপহাৰ দি শুভেচ্ছা জনাব
পাৰো ।
কিতাপ পঢ়নৰ সন্দর্ভতে আজি কিছু কথা লিখিব বিচাৰিছো । আলোচনাৰ মূল বিষয় হৈছে-"থাউজেণ্ড বুকচ বিফ'ৰ কিণ্ডাৰকার্টেন"-অসমীয়াত ক'বলৈ গ'লে কিণ্ডাৰকার্টেনৰ পূর্বে এহেজাৰখন কিতাপ ।

আমেৰিকা যুক্তৰাষ্ট্রত জনপ্রিয় এইটো এটি সাংঘাটিক প্রত্যাহ্বান(চেলেঞ্জ)।অৱশ্যে সাংঘাটিক প্রত্যাহ্বান বুলি ক'লেও ধাৰণাটো আচলতে অতি সহজ । কিণ্ডাৰগার্টেন 'ল আমেৰিকা যুক্তৰাষ্ট্রৰ প্রচলিত শিক্ষাব্যৱস্থাত আনুষ্ঠানিক শিক্ষাৰ প্রথমটো খোজ ।আমেৰিকাত প্রাথমিক শিক্ষাৰ প্রথমটোবর্ষকে কিণ্ডাৰগার্টেন বুলি কোৱা হয় । পাঁচ বছৰ অতিক্রম কৰা শিশু এটিয়েহেকিণ্ডাৰগার্টেন পাঠ্যক্রম আৰম্ভ কৰিব পাৰে আৰু পাঁচবছৰ বয়সত কিণ্ডাৰকার্টেনলৈ যোৱাৰ পূর্বে শিশুটিয়ে এহেজাৰখন কিতাপ পঢ়ি শেষ কৰোৱাটোৱেই হৈছে এই প্রত্যাহ্বানৰ উদ্দেশ্য ।
আচৰিত যেন লাগিলেও আমেৰিকাৰ শিশুৱে এই প্রত্যাহ্বান অতি আন্তৰিকতাৰে আদৰি লৈছে ।অৱশ্যে এই ক্ষেত্রত শিশুটিৰ সৈতে অভিভাৱকেও অংশ গ্রহন কৰে।এইয়া যেন কিতাপ পঢ়াৰ সজ অভ্যাসৰ মাধ্যমেদি অমূল্য মুনাফা আদায়ৰ সুযোগ ।

লাচ ভেগাচৰ(নভেডা)থাউজেণ্ড বুকচ ফাউণ্ডেচন হ'ল থাউজেণ্ড বুকচ বিফ'ৰ কিণ্ডাৰকার্টেন আঁচনিৰ ৰূপায়ক । এই ফাউণ্ডেচন এটি বৰঙণিযুক্ত অনুষ্ঠান।এই ফাউণ্ডেচনে শিশুটিৰ পিতৃ-মাতৃ নাইবা তত্বাৱধায়ককে ধৰি বিদ্যালয়পুথিভঁড়াল,গীর্জা নাইবা আন কিছুমান সেৱা সংস্থানত এই প্রত্যাহ্বানটি গ্রহন কৰাৰ ক্ষেত্রত ব্যৱহাৰিক তথ্য আৰু উৎসৰ যোগান ধৰি আহিছে ।পুথি অধ্যয়ণৰ এই ব্যৱস্থাই প্রাথমিক স্তৰতে শিশু এটিক এক অভিনৱ মাধ্যমেৰে স্বাক্ষৰতাৰ কৌশল আহৰণ কৰিবলৈ অৰিহনা যোগায় ।নৱজাত শিশুৰ পৰা আৰম্ভ কৰি পাঁচবছৰ পর্যন্ত যিকোনো বয়সৰ শিশুৱে এই প্রত্যাহ্বান ল'ব পাৰে ।নৱজাত শিশুৰ ক্ষেত্রত পিতৃ-মাতৃ নাইবা তত্বাৱধায়কে কিতাপ পঢ়ি দিব লাগে ।সন্তানৰ সৈতে কিতাপ পঢ়াৰ এই সুন্দৰ আঁচনিয়ে পিতৃ-মাতৃৰ সৈতে শিশুৰ সম্পর্ক যেন আৰু অধিক মজবুত কৰি তোলে ।

আমেৰিকা যুক্তৰাষ্ট্রলৈ অহাৰ পিছত এটা কথা দেখি আচৰিত মানিছো যে দৈনন্দিন ব্যস্ততাৰ মাজতো ইয়াৰ মানুহখিনিৰ কিন্তু কিতাপৰ সৈতে এক নিবিড় সম্পর্ক আছে ।ইয়াৰ বিনামূলীয়া বৃহৎ আকাৰৰ পুথিভঁৰালবোৰলৈ সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বৃ্দ্ধজনলৈকে বাট বোলা দেখিবলৈ পোৱা যায় । ইয়াৰ বিনামূলীয়া পুথিভঁৰালৰ পৰা ঘৰলৈ অনা কিতাপ নির্দিষ্ট সময়ত পঢ়ি শেষ কৰিব নোৱাৰিলে তিনিবাৰলৈকে ৰিনিউ কৰিব পৰা ব্যৱস্থা আছে ।পুথিভঁৰালবিলাকত বিনামূলীয়া ৱাই ফাইৰ সুবিধা আছে ।যাৰ সহায়ত ই-বুক পঢ়িব পৰা যায় ।ইয়াৰোপৰি কণ কণ লৰা-ছোৱালীৰ বাবে ভাল ভাল ষ্টৰীবুক,বিদেশীভাষা শিকণৰ কিতাপ (গ্রীকস্পেনিচজাপানিজ আদিআৰু এনিমেচনৰ ডিভিডি আদিও পোৱা যায় ।কিছুমান ডিভিডি ভাষা শিক্ষণৰ উপযুক্ত আহিলা ।ঘৰলৈ আনিও সেইবোৰ তেওঁলোকে চাব পাৰে ।

কিতাপ পঢ়াৰ প্রতি আগ্রহ বৃদ্ধি কৰিবলৈকে আমেৰিকাৰ দৰে উন্নত দেশবোৰত এনেকৈ বিনামূলীয়া পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছে ।আমেৰিকাৰ প্রায় এহেজাৰটামান পুথিভঁড়ালত এই "থাউজেণ্ড বুকচ বিফ'ৰ কিণ্ডাৰকার্টেনশীর্ষক আঁচনিটো গ্রহন কৰিব পৰা ব্যৱস্থা আছে ।ভাল ভাল কিতাপ নির্বাচনৰ ক্ষেত্রত ইয়াৰ পুথিভঁড়ালীসকলেও সহায় আগবঢ়াই আহিছে । সন্তানৰ সৈতে এই প্রত্যাহ্বান লবলৈ ইয়াৰ অভিভাৱকসকলো অত্যন্ত আগ্রহী দেখা যায় ।কিণ্ডাৰগার্টেনৰ পূর্বে এহেজাৰখন কিতাপ শেষ কৰিব পাৰিলে শিশুটিৰ বাবে এই আঁচনিক পুণৰাবৃত্তি কৰাব পৰা সুবিধাও আছে ।

হাইস্কুলত থাকোতে হোমেন বৰগোহাঞিদেৱৰ "কিতাপ পঢ়াৰ আনন্দশীর্ষক সৰু কলেৱৰৰ পুথিখন পঢ়িছিলোঁ ।পুথিখন মোৰ অন্যতম প্রিয় ।আমি কেনেকুৱা কিতাপ পঢ়িব লাগেস্মৃতিশক্তিৰ সীমাবদ্ধতা,স্মৃতিশক্তি কেনেকৈ বঢ়াব পাৰি ইত্যাদি বিষয় পুথিখনত সন্নিবিষ্ট কৰা হৈছে । প্রধানকৈ ছাত্ৰ-ছাত্ৰীৰ মনত কিতাপৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিবলৈ আৰু কিতাপ কেনেকৈ পঢ়িব লাগে সেই কথা শিকাবলৈ এই সৰু পুথিখনিত চেষ্টা কৰা হৈছে।কাৰণ কিতাপৰ প্রতি অনুৰাগ হঠাতে সৃষ্টি হোৱা বস্তু নহয় ।কিতাপৰ প্রতি অনুৰাগ সৃষ্টি হবলৈ ছাত্রাৱস্থাৰ পৰাই কিতাপ পঢ়াৰ অভ্যাস এটা গঢ়ি তুলিব লাগিব ।এই ক্ষেত্রত নি:সন্দেহে আমেৰিকাৰ এই "থাউজেণ্ড বুকচ বিফ'ৰ কিণ্ডাৰকার্টেনএটি সুন্দৰ ব্যৱস্থা বুলিব লাগিব ।
আমি বিভিন্ন ক্ষেত্রত পাশ্চাত্য সংস্কৃতিক অনুকৰণ কৰি আহিছোঁ ।আমেৰিকাত প্রচলিত কিতাপ পঢ়াৰ এনে প্রত্যাহ্বানকো আমি আন্তৰিকতাৰে গ্রহণ কৰিব পাৰো ।এটা কথা ঠিক যে আমাৰ অসমত পঢ়ুৱৈৰ সংখ্যা বাঢ়িলেহে ভাল পুথিৰো চাহিদা বাঢ়িব ।যাৰ ফলত আৰু ভাল ভাল পুথি ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ নতুন নতুন লেখকসকলো উৎসাহিত হ'ব ।অৱশ্যে অসমত পঢ়ুৱৈৰ সংখ্যা তেতিয়াহে বাঢ়িব যেতিয়া আমাৰ নৱ-প্রজন্মৰ ছাত্র-ছাত্রীসকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়লৈ উঠিব ।****

মানসী বৰা।