জ্যোতি সংগীত
জনপ্ৰিয় পৰিচালক অনুৰাগ বসুৰ নির্দেশনাৰে নির্মিত "ষ্টৰিজ বাই ৰবীন্দ্রনাথ টেগ'ৰ " নামৰ ধাৰাবাহিকখন অলপতে 'নেটফ্লিক্সৰ' যোগেদি চোৱাৰ সুবিধা পালোঁ। বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ কেইটামান মননশীল গল্পৰ কাহিনীক হিন্দীৰ ৰূপান্তৰ কৰি নির্মাণ কৰা উক্ত ধাৰাবাহিকখনৰ প্রতিটো কাহিনীয়ে হৃদয়স্পর্শী ।
চোখেৰ বালি,অতিথি, মানভঞ্জন, চাৰুলতা,ডিটেক্টিভ,কাবুলীৱালা,ব্ রকেন নেষ্ট,সমাপ্তি আদি অনুপম গল্পৰ কাহিনীক অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। অভিনেতা- অভিনেত্ৰীসকলৰ সবল তথা নিখুত অভিনয়ে দর্শকক আকর্ষণ কৰিবলৈ সফল হৈছে বুলি বিনদ্বিধাই স্বীকাৰ কৰিব পাৰি ।
ধাৰাবাহিকখনৰ আটাইতকৈ ভাল লগা কথাটি হ'ল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ "অ' সখী আজি যৌৱন বন বন জুৰি " শীৰ্ষক গীতটিৰ সুৰেৰে উক্ত ধাৰাবাহিকখনৰ আৰম্ভণি কৰা হৈছে ।বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ নিজেই এজন প্রসিদ্ধ গীতিকাৰ ।তেনেস্থলত তেখেতৰ গীতেৰে আৰম্ভণি কৰাৰ পৰিৱর্তে জ্যোতিসংগীত লোৱা হ'ল ? মনতে এক কৌতূহল জাগিল, নিশ্চয় সংগীত ব্যৱস্থাপনাত অসমৰ কোনোবা অসমীয়া আছে ।ঠিকেই ,মই ভবাটোৱেই ।সংগীতত অসমৰ অনুৰাগ শইকীয়া । মনটো আৰু অলপ বেছিকৈ ভাল লাগি গ'ল । অসমৰ ল'ৰাৰ ভাল কাম দেখি ।অসমৰ জ্যোতিসংগীতক সর্বভাৰতীয় পর্য্যায়লৈ লৈ যোৱা কার্যত নিজে অসমীয়া হিচাপে যথেষ্ট সুখ অনুভৱ কৰিছোঁ । কিন্তু এইখিনিতে দুখ লগা কথাটো হ'ল ধাৰাবাহিকখনত ৰূপকোঁৱৰৰ নামৰ কোনো উল্লেখ নেদেখিলোঁ।সেয়ে,চিৰপৰিচিত সুৰটো শুনাৰ লগে লগে মনত এক আক্ষেপ জাগিল : ধাৰাবাহিকখনত জ্যোতিপ্রসাদ আগৰৱালাৰ নামটোৰ উল্লেখ নকৰি শিল্পীজনকে একপ্রকাৰ উপেক্ষা কৰা হোৱা নাইনে ?****