Saturday, March 4, 2017

০৫/০৩/২০১৭ ৰ দৈনিক জনমভূমি কাকতত প্রকাশিত "আমেৰিকাৰ চিঠি "....

লিটল ইণ্ডিয়াৰ কথা

সংস্কৃতিৰ দিশৰ পৰা আমাৰ ভাৰতবর্ষ হৈছে বিশ্বৰ ভিতৰতে চহকী দেশ ।দক্ষিণ এচিয়াৰ সুবৃহৎ দেশ ভাৰত মাটিকালিৰ ফালৰ পৰা বিশ্বৰ সপ্তমখন বিশাল দেশ । নানা জাতিধর্মবর্ণ আৰু ভাষা-ভাষী লোকৰ বসতিস্থল এই ভাৰতবৰ্ষৰ বুকুতে বৈচিত্র্যৰ মাজত ঐক্যই বিৰাজ কৰিছে ।অতুল্য ভাৰতৰে অংগ ৰূপহী অসমভূমিক এৰিথৈ যিদিনাই উৰা মাৰিছিলো কর্ণাটকৰ বেংগালুৰুলৈ সেইদিনা সিমান এটা দুখ লগা নাছিল ।নিজৰ ঘৰখনত থাকিবলৈ পোৱা নাই যদিও নিজৰ দেশখনতে আছো বুলি বুকুৰ ভিতৰতে এক সকাহ আছিল। পিছে বেংগালুৰুৰ বিমান বন্দৰত ভাৰত এৰি যিদিনাই আমেৰিকা যুক্তৰাষ্ট্রলৈ বুলি আহিলো সঁচা কথা কবলৈ গ'লে সেইদিনাই বুকুৰ ভিতৰত এটি বুজাব নোৱৰা বিষ অনুভৱ কৰিছিলোঁ । আমেৰিকালৈ অহাৰ পিছত এজন দুজনকৈ ভাৰতীয় মানুহ চকুত পৰিছিল ,ভাৰতীয় মানুহ দেখিলে কিবা আপোন আপোন লাগিছিল ।লাহে লাহে দুই তিনিটা ভাৰতীয় পৰিয়ালৰ সংস্পর্শলৈ আহিলো আৰু তেওঁলোকৰ পৰাই আমেৰিকাৰ বিষয়ে নজনা সৰু সৰু বহুতবিলাক কথাই জানিব পাৰিলো ।উদাহৰণস্বৰূপেওচৰতে কি কি ঠাই ফুৰিব পৰাকৈ আছে ,তাত কি কি চাব পৰা বস্তু আছে ,কি কি ভাৰতীয় বজাৰ আছে ইত্যাদি ইত্যাদি । অৱশ্যে কিছুমান তথ্য ইন্টার্নেটৰ দ্বাৰাও লাভ কৰিব পাৰিছিলো ।আমেৰিকাত অফিচবোৰ শণিবাৰ দেওবাৰে বন্ধ থাকে ।লঙ্গ উইকেণ্ড হ'লে সোমবাৰ নাইবা শুকুৰবাৰটো বন্ধ পৰে ।সেই হিচাপতে মিলাই ফুৰিবলৈ সুবিধা হয় ।যোৱা ২০ ফেব্রুৱাৰীত প্রেচিডেন্ট ডে'ৰ অর্থাৎ আমেৰিকাৰ প্রথমজন ৰাষ্ট্রপতি জর্জ ৱাচিংটনৰ জন্মদিন বুলি বন্ধ আছিল । সেয়ে বন্ধৰ সদব্যৱহাৰ কৰিবলৈ নিউ জার্চিচিটিলৈ যোৱাৰ সিদ্ধান্ত ল'লো ।অৱশ্যে যোৱা বছৰ আটলান্টিকচিটি আৰু নিউয়ৰ্কচিটিলৈ যাওঁতে নিউ জার্চিচিটি হৈয়ে গৈছিলোঁ । কেইদিনমানৰ আগতে ইয়াত থকা ভাৰতীয় বান্ধৱী এগৰাকীয়ে কৈছিল নিউ জার্চিচিটিত বহুত ভাৰতীয় মানুহ আছে । ভাৰতীয় সামগ্রী বিক্রী কৰা বজাৰ আছেদোকান আছে আৰু প্রবাসী ভাৰতীয়ৰে ভৰি আছে ।কথাটি জানিব পাৰি আমাৰ গাত তৰণি নোহোৱা হ'ল । সেই বিশেষ ঠাইখন চাবলৈ দুগুণ হেপাহ জাগি উঠিল ।আজিৰ লেখাটিত ক'ব খুজিছো লিটল ইণ্ডিয়াৰ কথা । অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউ জার্চী চিটিত থকা সৰু ভাৰতখনৰ কথা।পিছে তাৰ আগতে নিউ জার্চীচিটিত থকা ইস্কন(ইন্টার্নেচনলে চচাইটি ফৰ কৃষ্ণ কন্সিয়াচনেচ)ৰ বিষয়ে ক'ব লাগিব ।
চেন্ট্রেল নিউ জার্চীত থকা “ইস্কন” মন্দিৰৰ বিষয়ে বহুদিনৰ পৰাই শুনি আছিলো । সেয়ে সেইদিনা প্ৰথমে সেইটো দর্শণ কৰাৰ সিদ্ধান্ত ল'লো ।ঘৰৰ পৰা পুৱাভাগতে লঘু আহাৰ খাই ওলাই আহিলো ।পৰিকল্পনা আছিল মন্দিৰ দর্শণ কৰি আহি দুপৰীয়াৰ সাজটো ৰচ'ঈ নামৰ ইণ্ডিয়ান ৰেষ্টুৰাত ভালকৈ খোৱাৰ । ডেলাৱেৰ পৰা গাড়ীৰে নিউ জার্চীচিটিৰ ইস্কন মন্দিৰ পাওঁতে আমাক প্রায় দুঘন্টা সময় লাগিল।মন্দিৰৰ শান্তিপূর্ণ পৰিবেশটো সঁচাই ভাল লাগিছিল । ভিতৰত আটক ধুনীয়াকৈ ৰাধা-কৃষ্ণৰ সৈতে সজাই থোৱা জগন্নাথৰ বিগ্রহ দর্শণ কৰিলো । সকলোফালে ভাৰতীয় মানুহেই চকুত পৰিল । দৰ্শণৰ পিছত আমাক ভিতৰত প্রসাদ গ্রহন কৰিবলৈ মাতি নিলে ।প্রসাদ বুলিও একেবাৰে ভৰপূৰ আয়োজন ।পোলাও,পাওভাজি ,তৰকাৰি,পকৰী,জেলেপি সকলো খোৱাইছে ।সকলোবোৰ ইমানেই সোৱাদ লগা আছিল যে সেইবোৰ খাই দুনাই ৰেষ্টুৰাত খাবলৈ পেটত খালী ঠাইৰ অভাৱ হ'ল ।সেয়ে ৰেষ্টুৰাত খোৱাৰ কথা বাদ দি মন্দিৰৰ পৰা সেইদিনা লিটল ইণ্ডিয়াকে চাবলৈ যোৱাৰ সিদ্ধান্ত ল'লো ।
নিউ জার্চীচিটিৰ নিউয়র্ক এভিনিউৰ 'ইণ্ডিয়া স্কোৱেৰৰসেই বিশেষ ঠাইখিনিক কোৱা হয় লিটল ইণ্ডিয়া ।যেতিয়াই গৈ সেই ঠাইত উপস্থিত হৈছিলোগৈ মন উলাহে নধৰা হ'ল । ঠাইখিনিত বাস কৰা অধিকাংশ লোকেই ভাৰতীয় । তাৰ মহিলাসকলৰ কিছুমানক চুৰিদাৰ-কুর্তি আদিত দেখা গ'ল ।দুই-এগৰাকীয়ে শাৰীও পিন্ধিছিল । ঠাইখিনিত থকা দোকান বজাৰৰ ফলকসমূহ ভাৰতীয় নামেৰে ভৰি আছিল ।দ'চা চেন্টাৰ ,চাট হাউচ,বিৰিয়ানী হাউচশাৰী-চুৰিদাৰৰ দোকানভাৰতীয় ডিজাইনৰ গহনাৰ দোকান ,চাহ-মিঠাইৰ দোকান আদিৰে ভৰি আছে ।তাত ঘূৰি থাকিলে এনে লাগে যেন আমি ভাৰতৰ ভিতৰতে কোনোবা এখন ঠাইত ঘূৰি ফুৰিছো । দেখা পালো ইণ্ডিয়ান কোম্পানীৰ মিক্সাৰ-গ্রাইণ্ডাৰৰ দোকান।আচৰিত লগা কথাটো হ'ল তাত মিঠাপানৰ দোকান দেখিলো। আমেৰিকাত যে পান দোকান আছে সেই কথা আগতে কেতিয়াও জনা নাছিলো । যোৱাবছৰ নিউয়র্ক চিটিলৈ যাওঁতে জানিব পাৰিছিলো তাতো এটা অঞ্চল লিটল ইণ্ডিয়া হিচাপে জনা যায় ।ঠাইখন নিউয়র্ক চিটিৰ জেকচন হাইটচত অৱস্থিত ।সেই ঠাইখিনিতো ভাৰতীয় মানুহৰ দোকান-বজাৰ আছে ।পিছে সময়ৰ অভাৱত সেইখিনি ঠাই সেইবাৰ চাবলৈ সৌভাগ্য নহ'ল । ভাবিছো পিছত সুবিধা মিলিলে চাই আহিম ।
লিটল ইণ্ডিয়া বুলি পৰিচিত ঠাইখনত এপাক মাৰি অ'ক ট্রী ৰোড পালোহি । অ'ক ট্রী ৰোডতো সৰহভাগ ভাৰতীয় দোকান।ভাৰতীয় গ্র'চাৰী দুখনত চকু পৰিল । শাক-পাচলি আৰু আন ঘৰুৱা খাদ্যসামগ্রী কেইটামান লৈ যাওঁ বুলি ইণ্ডিয়া গ্র'চাৰ্চ আৰু পেটেল ব্রাডার্চ নামৰ ভাৰতীয় বজাৰ দুখনত সোমালো ।য'ত শাক-পাচলি,,চাউল,দাইল,তেল,আলু আদিৰ পৰা আৰম্ভ কৰি পূজা-পার্বনৰ সামগ্রীলৈকে সকলোবোৰ অতি সুন্দৰকৈ সজাই থোৱা আছিল ।তাতে কলডিল,ভেণ্ডি,নৰসিংৰ পাত,টেঙামৰা কুন্দুলি আদিৰ লগতে অন্যান্য সামগ্রী কেইপদমান ল'লো ।ইণ্ডিয়া গ্র'চাৰ্চ খন পেটেল ব্রাডার্চতকৈ অলপ ডাঙৰ আছিল ।তাৰ পিছত এপাক ঘূৰি আন দোকানবিলাকত চকু ফুৰাওতে “বিগ চিনেমা” নামৰ হলটিৰ সমুখত ছবিৰ লিষ্টত জলী এলএল বিকাবিল,ৰেইচ,আদি বলিউড ছবিৰ নাম চকুত পৰিল ।শাৰী কিনাৰ কোনো পৰিকল্পনা নাছিল যদিও মহিলাৰ অন্যতম আকৰ্ষণীয় সাজ শাৰী বিক্রী কৰা প্রতিষ্ঠান এখনত এবাৰ সোমাই চাবলৈ ইচ্ছা যোৱাত সোমাই গ'লো ।তাত বিভিন্ন ডিজাইনৰ শাৰী ওলামাই থোৱা আছিল । ঘপহকৈ দেখিলো তিনিখন গুজৰাটী প্রিন্টৰ চিফন শাৰীৰ মুল্য ৬০।মানে ভাৰতীয় হিচাপত তিনিখন শাৰীৰ দাম প্রায় ৪০১০.০০ টকা । শাৰী নিকিনিলো যদিও আমেৰিকাত শাৰীৰ বজাৰ দেখি সঁচাই সুখ অনুভৱ কৰিলোঁ।ঘূৰি ঘূৰি ভাগৰ লগাত চাহ একাপ খাবলৈ “ৰয়েল কেফে এণ্ড পান”নামৰ দোকানখনত সোমালো ।ভাৰতীয় মানুহেৰে ভৰি থকা দোকানখনত হিন্দী কথাৰ মহলা । হাঁহি-খিকিন্দালীৰ পয়োভৰ । তাতে চিংগৰা চাট আৰু কাশ্মিৰী চাহৰ সোৱাদ লোৱাৰ লগতে কলকতা মিঠা পানেৰে মুহূদি কৰিলো । প্রায় এবছৰৰ মূৰত মিঠাপানৰ সোৱাদ ল'লো । সঁচাই বুজাব নোৱৰা এক সুখ অনুভৱ কৰিলো ।এটা সময় আছিল বিনা কাথা ফুল মিঠা বুলি নোকোৱাকৈয়েও মোৰ বাবে পান বনাই দিছিল শিৱসাগৰৰ ৰসৰাজ হোটেলৰ সমুখত বহি থকা সেই ল'ৰাজনে । পৰম সৌভাগ্য যে বিদেশত আহি স্বদেশৰ সোৱাদ লবলৈ পালো ।****

মানসী বৰা।

Thursday, March 2, 2017

০৩/০৩/২০১৭ তাৰিখে "সাদিন" কাকতত প্রকাশিত...

ৰঙেৰে উতলা ফাগুন

প্ৰকৃতিৰ পাটগাভৰু হোৱাৰ বতৰাটি লৈ পদুলিত এইয়া ফাগুন । যেনিয়ে চোৱা যায় তেনিয়ে ৰং কেৱল ৰং ।ফাগুন মানেই যে ৰং ,ফাগুন মানেইযে ৰঙৰ সমাহাৰ।ৰঙতে উতলা ফাগুনৰ আছে অনুপম ৰূপ-সৌন্দৰ্য ।ৰঙৰ মেটমৰা ভাণ্ডাৰ হৈ প্ৰকৃতিৰ বুকুলৈ অনা পৰিৱৰ্তনৰ মাজেদি ফাগুনে মানৱ জীৱনলৈও পৰিৱৰ্তন আনে । নতুন চেতনাৰে নতুন সৃষ্টিৰ প্ৰেৰণা দিয়ে । ফাগুনক লৈ কোনোবা কবিয়ে কবিতা ৰঁচে ,গায়কৰ কণ্ঠ নিগৰে।
শীতে লঠঙা কৰা বন-বিৰিখত এতিয়া ফাগুনৰ ৰঙীন পৰশ।আকাশেবতাহে ভাঁহিছে ফাগুনৰ জয়গান ।পচোৱা এজাক হৈ ধূলি উৰুৱাই ফাগুনে যেন কোনোবা লাজুকী গাভৰুৰ আঁচল খহাইছে।প্ৰকৃতিৰ বুকুখন বিবিধ ৰঙেৰে ৰঙীণ কৰিবলৈ উন্মনা হয় ফাগুন ।সেয়ে চৌদিশে পলাশ-শিমলুৰ ৰং উথলি উঠিছে ,ৰঙা মদাৰে আকাশত জুই জ্বলাইছে। বিবিধ ৰঙ সমাহাৰ হৈ ফাগুনে বসন্তৰ জাননী দিলে ।
প্ৰেয়সীলৈ প্ৰিয়জনৰ প্ৰেমৰ বতৰা হৈ ফাগুন আহিছে।আকাশত বহুৰঙী চিলা উৰোওৱা খিলখিল হাঁহিৰ শৈশৱ মধুৰ ক্ষণৰ সাক্ষী এই ফাগুন ।
সুখৰ বতৰা অনা ফাগুনেই দিয়ে প্ৰেম-ভালপোৱাৰ ঠিকনা ।নিৰাশাৰ বুকুত ফাগুনেই পেলায় আশাৰ পলস ।যৌৱনৰ সেউজী সাজে সাজিবলৈ বহাগৰ প্ৰতীক্ষাত প্ৰকৃতিয়ে এতিয়া ফাগুন অহা বাটলৈ চায় ।ৰঙেৰে উতলা ফাগুনক প্ৰকৃতিয়ে আজি স্বাগতম জনায়।

মানসী বৰা